![]()
ছাইদুল ইছলাম,
ডিফুঃ
যােৱা কেইবাটাও বছৰ ধৰি পশ্চিম কার্বি আংলং জিলাৰ খেৰণি এলেকাত হাতী-মানুহৰ সংঘাত এক অন্যতম গুৰুত্বপূর্ণ সমস্যা হিচাপে পৰিগণিত হৈ অহাৰ সময়তে আজি পুৱাৰ ভাগত খেৰণিৰ বগৰীঘাটত ৰহস্যজনকভাবে এজনী হাতীৰ মৃতদেহ উদ্ধাৰ হােৱাৰ ঘটনাক কেন্দ্র কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্রাপ্ত তথ্য অনুসৰি, জিলাখনৰ খেৰণিস্থিত বন বিভাগৰ দক্ষিণ বনাঞ্চলৰ অধীনস্থ বগৰীঘাটত আজি পুৱাৰ ভাগত এজনী মাইকী বনৰীয়া হাতীৰ মতদেহ উদ্ধাৰ কৰা হয়। আজি পুৱাৰ ভাগত স্থানীয় লেকসকলে স্থানীয় কুঁহিয়াৰ খেতিত কাম কৰিবলৈ বুলি ওলাই যােৱাৰ সময়তে কুঁহিয়াৰ বাৰীৰ মাজত হাতীজনীৰ মৃতদেহটো প্রত্যক্ষ কৰে।
লগে লগে স্থানীয় ৰাইজে বন বিভাগক এই সন্দর্ভত অৱগত কৰাৰ পিছতে বন বিভাগৰ লোক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ হাতীজনীৰ মৰণােত্তৰ পৰীক্ষা কৰি পােতাৰ ব্যৱস্থা কৰে। অৱশ্যে, হাতীজনীৰ এনে অস্বাভাৱিক মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হােৱা নাই যদিও খাদ্যত বিষক্রিয়াৰ ফলত হাতীজনীৰ মৃত্যু হােৱা বুলি স্থানীয় লােকে সন্দেহ প্রকাশ কৰিছে।
প্রসংগক্রমে, উল্লেখযােগ্য যে, এলেকাটোত বনৰীয়া হাতীৰ সন্ত্রাস সুদীৰ্ঘ দিন ধৰি এক নিয়মীয়া ঘটনাত পৰিণত হৈ আহিছে। বনৰীয়া হাতীৰ জাকে নিতে উপদ্রৱ চলাই কৃষকৰ উৎপাদিত খাদ্য শস্য খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তাণ্ডব চলাই আহিছে। বনৰীয়া হাতীৰ আক্রমণত ইতিমধ্যে কেইবাজনাে লােকে প্রাণ হেৰুৱাবলগীয়া ঘটনাও সংঘটিত হৈছে। হাতীৰ উপদ্রৱত অতীষ্ঠ হৈ কোনাে লােকে বিষাক্ত দ্রব্য মিলাই থােৱা খাদ্য গ্রহণ কৰাৰ বাবে হাতীজনীব মৃত্যু হােৱাৰ আশংকা প্রকাশ কৰিছে স্থানীয় লােকে।
হাতীজনীৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা প্রকৃতিপ্রেমীসকলে।













