![]()
নিউজ ডেস্কঃ
নিউজিলেণ্ডৰ হাতত ৩৩ বল বাকী থকা অৱস্থাত দেওবাৰে ভাৰতে ৮ উইকেটত শোচনীয় পৰাজয়বৰণ কৰে। এই পৰাজয় কিমান লজ্জাজনক, তাৰ বাবে এটি পৰিসংখ্যাই যথেষ্ট।
দেওবাৰে প্রথমে বেট ধৰি ভাৰতে ২০ অভাৰত ৭ উইকেটত মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰে। টি-২০ বিশ্বকাপত প্রথমে বেট ধৰি কৰা এইটোৱে ভাৰতৰ সৰ্বনিম্ন ৰানৰ ইনিংছ। ইয়াৰ আগতে টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বনিম্ন ৰানৰ ইনিংছ আছিল ২০১৪ চনৰ ফাইনেলত শ্রীলঙ্কাৰ বিৰুদ্ধে ৪ উইকেটত ১৩০ ৰান।
সাত বছৰ আগতে ফাইনেলত ভাৰতে এইবাৰৰ দৰেই টছত হাৰি প্রথমে বেটিং কৰিবলগা হয়। বাংলাদেশৰ ঢাকাত উক্ত সেই মেচত ভাৰতে ২০ অভাৰত মাত্র ১২টা বাউণ্ডেৰী মাৰিবলৈ সক্ষম হয়। ৰোহিত শর্মাই ৩টা চাৰি কোবায়। বিৰাট কোহলিয়ে ৫টা চাৰি, ৪টা ছয় কোবায়। কোহলি আৰু ৰোহিতৰ বাহিৰে উক্ত মেচত কাৰো ষ্ট্ৰাইক ৰেট ১০০ৰ ওপৰত নাছিল।
দেওবাৰৰ মেচত ভাৰতে ১০টা বাউণ্ডেৰী মাৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত ৮টা চাৰি, ২টা ছয়।













