![]()
নিউজ ডেস্কঃ
‘সন্মতি থাকিলে প্রাপ্তবয়স্কসকলৰ মাজত শাৰীৰিক সম্পর্ক হোৱাটো অপৰাধ নহয়। কিন্তু সেয়া দেশৰ প্রচলিত সামাজিক ধাৰণাৰ বিৰোধী। নীতিগতভাবে সঠিক নহয়।’ এটি গণধর্ষণ গোচৰৰ শুনানিত এই ৰায় জনালে এলাহাবাদ হাইকোৰ্টে। ন্যায়াধীশে স্পষ্টকৈ নক’লেও তেওঁ আচলতে বিয়াৰ পূৰ্বে দুই প্রাপ্তবয়স্কৰ যৌন সম্পর্ক সন্দৰ্ভত এই মন্তব্য কৰা বুলি আইনজীৱী মহলৰ মত।
আদালত সূত্র মতে, যোৱা ১৯ ফেব্রুৱাৰীত এলাহাবাদত নির্যাতিতা নাবালিকা এগৰাকী তেওঁৰ প্ৰেমিক ৰাজুক এটা নদীৰ পাৰত দেখা কৰিবলৈ গৈছিল। কিছু সময় পিছত তাত আৰু তিনিজন লোক উপস্থিত হয়। আটায়ে মিলি ছোৱালীজনীক ধর্ষণ কৰে। ৰাজুক মাৰধৰ কৰি ফোন কাঢ়ি লৈ যায়। ২০ ফ্রেব্রুৱাৰীত কৌশাম্বিৰ অকিল চৰাই থানাত পক্সো আইনত গণধর্ষণৰ গোচৰ ৰুজু কৰে নির্যাতিতাই।
উক্ত গোচৰত এক অভিযুক্তৰ জামিনৰ আবেদন শনিবাৰে নাকচ কৰে কোৰ্টে। এই ক্ষেত্রত নির্যাতিতা নাবালিকা যদিও বিষয়টি ব্যাখ্যা কৰিবলৈ গৈ প্রাপ্তবয়স্কসকলৰ মাজত শাৰীৰিক সম্পর্ক সন্দৰ্ভতো মন্তব্য কৰে হাইকোৰ্টে। লগতে আদালতে জনায় যে পুৰুষসঙ্গীসকলৰ দায়িত্ব হ’ল সঙ্গিনীক ৰক্ষা কৰাটো।













