![]()
নিউজ ডেস্কঃ
সোমবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত সংক্রমিত হৈছে ১২ হাজাৰ ৫১৪ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪২ লক্ষ ৮৫ হাজাৰ ৮১৪ জন। শেহতীয়া ২৪ ঘণ্টাত দৈনিক মৃত্যুও আগতকৈ কমি হৈছে ২৫১। বিগত নদিন ধৰি দেশত দৈনিক মৃত্যু ৩৫০ৰ ওপৰতেই আছিল। তাৰ তুলনাত বিগত ২৪ ঘণ্টাত মৃত্যু বহুখিনি কম।
আনহাতে, বিগত ২৪ ঘণ্টাত কোভিড পৰীক্ষা হৈছে ৮ লক্ষ ৮১ হাজাৰ ৩৭৯ জনৰ। সংক্রমণৰ হাৰ বৃদ্ধি পাই হৈছে ১.৪২ শতাংশ। সক্রিয় ৰোগীৰ সংখ্যা কমি হৈছে ১ লক্ষ ৫৮ হাজাৰ ৮১৭। এই পর্যন্ত দেশত কোভিডৰ পৰা সুস্থ হৈ উঠিছে মুঠ ৩ কোটি ৩৬ লক্ষ ৬৮ হাজাৰ ৫৬০।
ইফালে বিগত ২৪ ঘণ্টাত ১২ লক্ষ ৭৭ হাজাৰ ৫২৪ জনক টীকা প্ৰদান কৰা হৈছে। দেশত এই পর্যন্ত টীকাদান হৈছে ১০৬ কোটি ৩১ লক্ষ ২৪ হাজাৰ ২০৫













