![]()
মনোৰঞ্জনঃ
আমাৰ মাতৃভূমি অসমখনক লৈ আমি প্ৰত্যেকেই উৎসাহী আৰু উৎকণ্ঠিত। ইয়াৰ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাকৃতিক পৰিৱেশটোৱে আমাক মোহাচ্ছন্ন কৰি ৰাখে। এই অসমখনক লৈ বৰ্তমানলৈকে তাতোধিক প্ৰকল্পই মুক্তি লাভ কৰিছে। মুক্তি লাভ কৰাৰ সমান্তৰালকৈ এই প্ৰকল্প সমূহে সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছিল জনসাধাৰণৰ। শেহতীয়াকৈ আকৌ এবাৰ এই অসমখনকেই প্ৰতিনিধিত্ব কৰি আহি আছে এক নতুন গীত “অসমী আই (The Sound Of Assam)। নৱপ্ৰজন্মৰ প্ৰচেষ্টা আৰু পৰিকল্পনাৰে এই গীতটি মুক্তি লাভ কৰিবলৈ সাজু হৈ উঠিছে। বৰ্তমান প্ৰজন্মৰ অভি ফুকনৰ কণ্ঠৰে মুক্তি লাভ কৰিব গীতটি।
অসমক লৈ উৎসাহিত প্ৰতিগৰাকী শ্ৰোতা-দৰ্শকৰ বাবে এয়া সঁচাকৈ এক সু-খবৰ। মাতৃভূমিখনক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰিবলৈ সাম্প্ৰতিক সময়ত প্ৰায় প্ৰতিগৰাকী প্ৰতিভাসম্পন্ন নৱপ্ৰজন্মই সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। ক্ৰীড়া, মনোৰঞ্জন, বিজ্ঞান আদি বিভিন্ন দিশত অসমৰ একোজনকৈ সন্তানে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত অভি ফুকনৰ দৰে একোগৰাকী নৱপ্ৰজন্মই মাতৃভূমিৰ বিষয়ক লৈ দিয়া প্ৰথমটো খোজে আমাক গৌৰৱান্বিত কৰি তোলে।













