![]()
মনোৰঞ্জনঃ
যোৱা কেইবামাহ ধৰি শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আছিল বলীউডৰ আটাইতকৈ চৰ্চিত বিষয়। অশ্লীল ছবি নিৰ্মাণৰ বাবে তেওঁ আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হৈছিল। শেহতীয়াকৈ ৰাজ কুন্দ্ৰাই নিজৰ বিভিন্ন চচিয়েল মিডিয়াত একাউণ্টৰ পৰা অব্যাহতি লোৱাৰ লগতে একাউণ্ট সমূহ ডিলিট কৰি পেলাইছে। ১৫ অক্টোবৰ তাৰিখে ৰাজ কুন্দ্ৰাই নিজ একাউণ্ট প্ৰাইভেট কৰি লৈছিল। উল্লেখ্য, অশ্লীল ছবি নিৰ্মাণ আৰু তাৰ প্ৰসাৰৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ১৯ জুলাই তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে প্ৰায় ১৫০০ খন পৃষ্ঠাযুক্ত চাৰ্জশ্বিজ তেওঁক লৈ জাৰী কৰে।
এই চাৰ্জশ্বিটত ৪৩ গৰাকীৰ ভিতৰত শিল্পা ছেট্টী আৰু শৰ্লিন চোপ্ৰাৰো বক্তব্য দিয়া হৈছে। বিগত ২১ ছেপ্টেম্বৰ তাৰিখে ৫০ হাজাৰ টকাৰ জৰিমনা আদায় কৰি ৰাজ কুন্দ্ৰাই জামিন লাভ কৰে।













