![]()
মনোৰঞ্জনঃ
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ শেহতীয়াকৈ অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই ধৰ্মশালাস্থিত বগলামুখী মন্দিৰত উপস্থিত থাকি সেৱা-প্ৰাৰ্থনা জনায়। এই মন্দিৰৰ মহত্ব হৈছে যে ইয়াত দূৰ দূৰৰ পৰা বহুখিনি ভক্তগণ আহে তান্ত্ৰিক পূজা কৰিবলৈ। বিগত দুমাহ ধৰি স্বামী-স্ত্ৰীৰ যুটিটোৱে যথেষ্ট ঋণাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছে। ১৫ অক্টোবৰ তাৰিখে ৰাজ কুন্দ্ৰাই নিজ একাউণ্ট প্ৰাইভেট কৰি লৈছিল। উল্লেখ্য, অশ্লীল ছবি নিৰ্মাণ আৰু তাৰ প্ৰসাৰৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ১৯ জুলাই তাৰিখে তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে প্ৰায় ১৫০০ খন পৃষ্ঠাযুক্ত চাৰ্জশ্বিজ তেওঁক লৈ জাৰী কৰে।
এই চাৰ্জশ্বিটত ৪৩ গৰাকীৰ ভিতৰত শিল্পা ছেট্টী আৰু শৰ্লিন চোপ্ৰাৰো বক্তব্য দিয়া হৈছে। বিগত ২১ ছেপ্টেম্বৰ তাৰিখে ৫০ হাজাৰ টকাৰ জৰিমনা আদায় কৰি ৰাজ কুন্দ্ৰাই জামিন লাভ কৰে। উল্লেখ্য যে, জামিন লাভ কৰা পিছতেই শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই বৈষ্ণো দেৱী মন্দিৰলৈ যায়।













