![]()
মনোৰঞ্জনঃ
এগৰাকী কথক নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনীৰ নৃত্যই আকৌ এবাৰ চৰ্চা লাভ কৰিছে অনুৰাগীৰ সমুখত। দেশে-বিদেশে কথক নৃত্য প্ৰদৰ্শনেৰে জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা মেঘৰঞ্জনীয়ে ইনষ্টাগ্ৰামত শেহতীয়াকৈ আপলোড কৰা এটি ভিডিঅ’ৰে নিজ প্ৰতিভা পুনৰ বাৰ স্পষ্ট কৰি তুলিছে। ৩ বছৰ বয়সৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰা মেঘৰঞ্জনীয়ে ২০০৯ চনত কথক নৃত্যত “নৃত্য নিপুণ” লাভ কৰে। লগতে, www.award council of india.com য়ে “Dancing Queen of Assam” ৰ খিতাপ প্ৰদান কৰে নৃত্যশিল্পী গৰাকীয়ে। ইয়াৰ উপৰিও “NEBCUS MEDIA AWARD” ২০১০-১১ বৰ্ষত মেঘৰঞ্জনীয়ে লাভ কৰে “শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।
‘লখিমী’ কে আদি কৰি ‘অভিমানী মন’, ‘পূৰ্ণিমা’ ইত্যাদি কেইবাখনো অসমীয়া ভিচিডিত অভিনীত এই অভিনেত্ৰী গৰাকীক যদিও বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ ছবি অথবা ভিচিডি সমূহত দেখিবলৈ পোৱা নাযায়, তথাপিও তেওঁৰ অনুৰাগীৰ শাৰী ক্ৰমশ দীঘলীয়া হৈ পৰিছে।













