![]()
নিউজ ডেস্কঃ
ব্যক্তিগত প্ৰতিষ্ঠান এমট্ৰনৰ ২.৫০ কোটি টকা বেংক একাউণ্ট হেক কৰি হৰলুকী অভিযোগত গ্ৰেপ্তাৰ গাণনিক বিষয়া।চিআইডি হাতত গ্ৰেপ্তাৰ ৰাহুল হুজী।বৃহস্পতিবাৰে আবেলি ভাগত সোধ-পোছৰ বাবে আটক কৰিছিল বিষয়া গৰাকীক।
অসম চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান টোৰ এমডি এম কে যাদৱে দাখিল কৰা এজাহাৰ ভিত্তিতে গাণনিক বিষয়া গৰাকীক দীর্ঘসময় জেৰা অন্তত গ্ৰেপ্তাৰ কৰে চিআইডিয়ে।
উল্লেখ্য গ্ৰেপ্তাৰ হোৱা ৰাহুল ১২ বছৰ ধৰি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল।টেৰেচাৰ্চ নাম কোম্পানীক পৰিশোধ কৰিব লগা আছিল ধন। ।বেংক অৱ মহাৰাষ্ট্ৰ গুৱাহাটীস্থিত লাখটকীয়া শাখা একাউণ্টৰ পৰা হৰলুকীৰ হৈছিল টকাখিনি।ভুৱা এটা মেইলৰ জৰিয়তে টকা খিনি হৰলুকী কৰা বুলি এমডি গৰাকীয়ে উল্লেখ কৰে।
আনহাতে,হুজুৰীক গ্ৰেপ্তাৰ পাছতে এমট্ৰনৰ কাৰ্যালয়ত উপস্থিত হৈছে চিআইডি তদন্তকাৰী দল ।হৰলুকী ঘটনাত আৰু জড়িত আছে নেকি তাৰ বাবে চলাইছে এই অভিযান।বেংক অৱ মহাৰাষ্ট্ৰ গুৱাহাটীস্থিত শাখাতো তদন্ত চলাব চিআইডিয়ে।













