![]()
মনোৰঞ্জনঃ
“মই তোৰ হ’ব খুজিম” শীৰ্ষক গীতটিৰ আঁৰৰ শ্ৰুতিমধুৰ কণ্ঠটিক আপোনালোকৰ বাৰু মনত আছেনে? কণ্ঠশিল্পী গৰাকীৰ নাম আছিল ডেইজী দাস, তেওঁৰ কণ্ঠৰে নিৰ্মিত গীতটিয়ে মুক্তিৰ পিছতেই বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। মাতৃৰ সান্নিধ্যত সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱা ডেইজী দাসে ২০১৭ চনত ‘ৰিঙা ৰিঙা মন’ শীৰ্ষক এটি আধুনিক গীতৰ জৰিয়তে নিজ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ৰঙা কলিজা, জোনাকী পখী, সিদিনা বুজি পালোঁ, ফুল হৈ, চিলিমিলি টোপনি, হয়তো বা মোৰ মনে, কওঁনে বাৰু মই লগতে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত ‘আচুতীয়া মন’ ত ডেইজী দাসৰ কণ্ঠটিক শুনিবলৈ পাইছিল শ্ৰোতা-দৰ্শকে।
কিন্তু এইবাৰ অসমীয়া নহয়, এটি বঙালী গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হৈছে কণ্ঠশিল্পী গৰাকী। আহিবলগীয়া ‘মন জুড়ালে তুমি জুড়ালে’ শীৰ্ষক গীতটি কাইলৈ মুক্তি লাভ কৰিব, ভিডিঅ’ যোগে মুক্তি পাবলগীয়া এই গীতটিত পুনৰ বাৰ ‘মই তোৰ হ’ব খুজিম’ গীতটিৰ ভিডিঅ’ত অভিনীত যুটিটোক দেখিবলৈ পোৱা যাব। অৰ্থাৎ, কিশোৰ দাস আৰু ডেইজী দাস পুনৰ বাৰ আহি আছে আপোনালোকৰ মাজলৈ।













