![]()
নিউজ ডেস্কঃ
হস্পিটেলৰ ভিতৰলৈ দৌৰি আহিল এটা হৰিণ। তাৰ পিছত চলমান লিফ্টত উঠি ইফালে-সিফালে দৌৰিছে। সেই সময়তে হস্পিটেলৰ কর্মচাৰীসকলে তাক ধৰি পেলায়। বান্ধি ৰাখে হস্পিটেলৰ বিছনাত। সম্প্রতি এই ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ঘটনাটি ঘটিছে মার্কিন যুক্তৰাষ্ট্রৰ লুইজিয়ানাৰ এখন হস্পিটেলত। হস্পিটেলখনৰ চিচি টিভিত দেখা গৈছে, হঠাৎ হস্পিটেললৈ সোমাই আহে এটি হৰিণ। হৰিণটো দেখি চক খাই উঠে তাত থকা ব্যক্তিসকল। বেটন ৰুজৰ আৱাৰ লেডি অব দ্য লে’ক হস্পিটেলৰ এই দৃশ্যত হতবাক হৈ যায় হস্পিটেলখনৰ কর্মচাৰী আৰু তাত থকা লোকসকল।
বন্যপ্রাণী কর্মকর্তাসকলৰ সন্দেহ, হৰিণটো নিকটৱর্তী ৱার্ড ক্রিকৰ পৰা হস্পিটেলখনৰ দিশে আহিছিল। হয়তো সেই সময়তে কোনো গাড়ীয়ে খুন্দিয়ায়।ফলত ভয় খাই হৰিণটো হস্পিটেলখনত সোমাই পৰে।













