ছাইদুল ইছলাম
ডিফু : সুৰানিষিদ্ধ চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ একাংশই বিভিন্ন কৌশলেৰে অসমৰ পৰা অবৈধভাৱে সুৰাৰ সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আবকাৰী আৰু আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰাসহ তিনি যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আৱকাৰী আৰু আৰক্ষীৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজানত এএছ-০১-এএম-৪৪১৯ আৰু এছ-০১-এম এ- ৫১৯৫ নম্বৰৰ মাৰুতী এল্টʼৰ পৰা ৮ কাৰ্টুন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা সুৰাখিনি অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহ কৰি থকা হৈছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত তিনি যুৱকক আটক কৰা হৈছে। ধৃত যুৱককেইজন ক্ৰমে শ্বাহিদ খান (২০), ৰাহুল দাস (১৮) আৰু ক্লেভিছ গুৰু (৪৪) বুলি চিনাক্ত কৰা হৈছে। ধৃত আটাইকেইজনৰ ঘৰ ডিমাপুৰত।