ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ ভূগৰ্ভৰ পৰা খাৰুৱা তেল সংগ্ৰহৰ বাবে আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু অইল ইণ্ডিয়াৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পন্নহৈ যায় ৷ কাৰবি আংলঙৰ ধনশিৰি আৰু দলদলি এলেকাৰ ভূগৰ্ভত খাৰুৱা তেলৰ সন্ধান উলিয়াইছে অইল ইণ্ডিয়া লিমিটেডে৷
উল্লেখযোগ্য যে, কাৰবি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু দলদলি তিমুং বস্তিত খাৰুৱা তেলৰ সন্ধানত কেইবাবছৰ আগৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ নিগমে জৰীপ চলাইছিল ৷ এই জৰীপৰ অন্তত এন ই এল পি ব্লক এ এ অন ২০১০/২-ৰ ৩৯৬ বৰ্গ কিলোমিটাৰ এলেকাত খাৰুৱা তেলৰ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে ৷ এই এলেকাৰ ভূগৰ্ভত থকা খাৰুৱা তেল আৰু গেছ সংগ্ৰহৰ বাবে আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পুৰণি সচিবালয়ৰ সভাকক্ষত এক বৈঠক অইল ইণ্ডিয়া আৰু কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মাজত এক বৈঠক সম্পন্ন হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে, বিধায়ক বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, কাৰ্যবাহী সদস্য, পৰিষদৰ প্ৰধান সচিব আৰু আন আন সচিবসকল পৰিষদৰ হৈ আৰু অইলৰ হৈ কাৰ্যবাহী সঞ্চালক ড: মানস কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ইন্দ্ৰজিৎ বৰুৱা, মুখ্য মহাপ্ৰবন্ধক অজিত কুমাৰ বৰুৱা, মহাপ্ৰবন্ধক খনিন বুঢ়াগোহাঁই, উপ মহাপ্ৰবন্ধক গৌতম হাজৰিকা আৰু প্ৰৱন্ধক ৰণজিৎ দাসে অংশগ্ৰহণ কৰে ৷
এই সকলোৰে উপস্থিতিত পৰিষদৰ মুখ্য সচিব মুকুল কুমাৰ শইকীয়া আৰু অইলৰ কাৰ্যবাহী সঞ্চালক মানস কুমাৰ শৰ্মাই দ্বিপাক্ষিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ দুবছৰৰ বাবে পৰিষদৰ লগত অইলে চুক্তি কৰে ৷ এই চুক্তি অনুসৰি অইলে বনাঞ্চলৰ ভূমি আৰু ব্যক্তিগত ভূমিৰ বাবদ দিব লগা ক্ষতিপূৰণ পৰিষদক জমা দিব ৷ পৰিষদে যিমান সোনকালে পাৰে অইলক খননৰ বাবে ভূমি প্ৰদান কৰিব ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তিনিদিনৰ ভিতৰত সেয়া কৰিব বুলি কয়৷ ৰংহাঙে সংবাদ মাধ্যমৰ আগত পাহাৰত আইলৰ ঠিকা আৰু নিযুক্তি পৰিষদৰ জড়িয়তেহে হ’ব বুলি কয় ৷ মাহে ৫ কোটি টকাৰ ৰাজহ ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে পৰিষদে লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷
অইল ইণ্ডিয়াৰ কাযবাহী সঞ্চালক ড: মানস কুমাৰ শৰ্মাই আজিৰ দিনটো আইলৰ বাবে বৰ গুৰুত্বপূৰ্ণ বুলি কয় ৷ সদ্যহতে তেওঁলোকে চিভিল ৱৰ্কসমূহৰ কাম কৰাৰ পিছতে ড্ৰিলিংৰ কাম হ’ব বুলি তেওঁ দোহাৰে ৷ তেওঁ পৰিষদৰ প্ৰচেষ্টাৰ শলাগ লয় ৷ অইলে ড্ৰিলিং কৰাৰ পিছত কিমান খাৰুৱা তেল আৰু গেছ ভূগৰ্ভত আছে সেয়া নিশ্চিত হোৱাৰ পিছতহে সেই তেল গেছ কি দৰে নুমলীগড় শোধানাগাৰলৈ নিয়া হ’ব সেয়া স্পষ্ট হ’ব ৷ যদিহে বৃহৎ তেলৰ ভাণ্ডাৰ আবিস্কৃত হয় তেন্তে ভাৰত চৰকাৰৰ অনুমতি সাপেক্ষে হয়তো পাইপ লাইন বহুৱাই তেল নিয়া হ’ব পাৰে ৷ আজিৰ বুজাবুজিৰ চুক্তিত অইলে স্থানীয় এলেকাৰ উন্নয়ন কৰাকে ধৰি আৰু বহু কথা সন্নিবিষ্ট হয়।