![]()
ছাইদুল ইছলাম
ডিফু : হত্যাৰ অভিযোগত বকলীয়াঘাট আৰক্ষীয়ে এজন যুৱকক গ্রেপ্তাৰ কৰি আজি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্রেৰণ কৰিছে। এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, যোৱা ২১ নৱেম্বৰত বকলীয়াঘাট থানাৰ অন্তর্গত তিচম গাঁৱৰ পাহাৰ এলেকাত তিচম গাঁও নিৱাসী কৃষ্ণ বাহাদুৰ প্রধান নামৰ লোকজনে খেতিৰ কামত ব্যস্ত থকাৰ সময়তে জীলাংছৰ ৰঞ্জিত তিচ্চ নামৰ যুৱকজনে উক্ত স্থানত উপস্থিত হৈ অপ্রৰোচিতভাৱে কৃষ্ণ বাহাদুৰ প্রধানক প্রহাৰ কৰে। উত্ত ঘটনাত অতি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা লোকজনক ততালিকে ডিফু চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয় যদিও কালি বিয়লি চিকিৎসাধীন অৱস্থাতে কৃষ্ণ বাহাদুৰ প্রধানৰ মৃত্যু হয়।
ইয়াৰ পিছতে কৃষ্ণ বাহাদুৰ প্রধানৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ৰঞ্জিত তিচ্চক গ্রেপ্তাৰ কৰি আজি আদালতলৈ প্রেৰণ কৰে। এই সন্দর্ভত বকলীয়াঘাট থানা ৬১/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।













