ছাইদুল ইছলাম
ডিফু : কার্বি প্রবাদ পুৰুষ ৰেংবংহমৰ আদর্শৰে ডিফু চহৰৰ পৰা ও কিলোমিটাৰ দূৰত অৱস্থিত ৰংপাংবং নামৰ ঠাইত 1972 চনৰ 26 জানুৱাৰীত ৰেংবংহম উচ্চ মাধ্যমিক বিদ্যালয়, বর্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রতিষ্ঠা লাভ কৰিছিল। তেতিয়াৰ ডিফু নগৰৰ এমুঠি নমস্য ব্যক্তিসকলৰ আপ্রান প্রচেষ্টাত প্রতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ 50টা ঘৰত পদার্পন কৰিছে। অহা নতুন বছৰৰ 26 জানুৱাৰীৰ উল্লেখযোগ্য দিনত ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎযাপন কৰা হ’ব।
এই উপলক্ষ্যে আজি শিক্ষানুষ্ঠানৰ প্রেক্ষাগৃহত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰামছিং তেৰাঙৰ পৌৰোহিত্যত এক শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হয়। সভাৰ সিদ্ধান্তৰ অনুসৰি বিদ্যালয়ৰখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামছিং তেৰাঙক সভাপতি আৰু বিদ্যালয়ৰ অধ্যক্ষ লংছিং টিমুঙক সম্পাদক হিচাপে লৈ সোণালী জয়ন্তী উৎযাপনৰ সমিতি গঠন কৰা হয়। সভাত সমিতিখনৰ পূর্ণাংগ ৰূপ দিবলৈ মুল সমিতিৰ সভাপতি সম্পাদকক দায়িত্ব অর্পণ কৰা হয়। সমিতিত বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ পুন্যৰাম শইকীয়া, বিশিষ্ট সমাজ সেৱক পাৰি ৰংপি, গান্ধীৰাম টকবী আৰু প্রাক্তন অধ্যক্ষসকলক উপদেষ্টা হিচাপে বাচনি কৰা হয়।
প্রাক্তন অধ্যক্ষ পুন্যৰাম শইকীয়া, সুবর্ণ বৰুৱা চেতিয়া, মিনতি বৰা, খ্রিষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোচেছ হানছে। আৰু বিদ্যানুৰাগী ব্যক্তিসকলে বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী সফল উদযাপনৰ বাবে বিভিন্ন দিশত দিহা পৰামর্শ আগবঢ়াই। প্রাক্তন ছাত্র-ছাত্রীসকলক সোণালী জয়ন্তী উৎযাপনৰ কার্যসূচীত অংশীদাৰ হ’বলৈ বিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক-শিক্ষয়ীত্রিসকলৰ সৈতে যোগাযোগ কৰিবলৈ সভাই আহ্বান জনাই।