ছাইদুল ইছলাম
ডিফু : মাৰাত্মক বৰবিহ সদৃশ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বোকাজান আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতেই এইবাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অবৈধ সুৰা বিৰোধী অভিযান। প্ৰাপ্ত খবৰ অনুসৰি ডিলাই আৰক্ষীয়ে যোৱাকালি ১৪টা কৈ কাৰ্টুনত অবৈধ সুৰা জব্দ কৰে।
আজিও পুৱা ২৫টা সৰ্বমুঠ ৩৯টা কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে মুঠ ছয়জন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখযোগ্য যে, সৰবৰাহকাৰীসকলে এখন যাত্ৰীবাহী অ’ট ৰিক্সা আৰু এখন উৱেগেনাৰ বাহনত কঢ়িয়াই আনিছিল সুৰাৰ কাৰ্টুনসমূহ। অ’টখনৰ নম্বৰ পঞ্জীয়ন নম্বৰ AS-09A-C-8614 আৰু উৱেগেনাৰখনৰ নম্বৰ AS-01B-A-2293।
উক্ত সুৰাসমুহ শুকানজানৰ “মুন লাইট” সুৰাৰ বিপনি এখনৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ লৈ বুলি লৈ যোৱা হৈছিল।