ছাইদুল ইছলাম
ডিফু : বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীৰ নাকা তালাচীত জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ বাৰ্মিজ চিগাৰেট। এখন উৱেগেনাৰ বাহনৰ ভিতৰত তিনিটা ট্ৰাংকত ভৰাই আনিছিল বাৰ্মিজ চিগাৰেটসমুহ। ট্ৰাংককেইটাত GC/ CRPF .GHy বুলি লিখা আছিল। চিগাৰেটখিনি কঢ়াই অনা উৱেগনাৰ বাহনখনৰ নম্বৰ হৈছে AS-09H-1508।
প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে বাৰ্মিজ চিগাৰেটসমূহ কোনো কেণ্টিনলৈ লৈ যোৱা হৈছিল। জানিব পৰা মতে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে লৈ আহিছিল বাৰ্মিজ চিগাৰেটসমূহ। ডিলাই আৰক্ষীয়ে বাৰ্মিজ চিগাৰেটসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক দুজন হৈছে- আৰ. পানিৰ চালভাম তামিলনাডুৰ আৰু আনজন আহাবাৰ ৰহমান মৰিগাঁও জিলাৰ বুলি জানিব পৰা গৈছে। উক্ত বাৰ্মিজ চিগাৰেটসমূহৰ বজাৰ মুল্য প্ৰায় দুইলাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।