![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু দৈনিক মাছ বজাৰত গ্ৰাহকৰ হেঁতা-ওপৰা ৷ কিয় বাৰু জানেনে? ডিফু মাছ বজাৰত ওলাইছে প্ৰকাণ্ড গৰুৱা মাছ ৷ তাক চাবলৈ স্থানীয় গ্ৰাহকৰ ভিৰ ৷ শুকুৰবাৰে পুৱা প্ৰকাণ্ড মাছটো পাইকাৰী দৰত বিক্ৰি হোৱাৰ পিছতে মাছটো দৰ্শন কৰিবলৈ বজাৰৰ গ্ৰাহকৰ মাজত কৌতুহলবশতঃ ভিৰ কৰে পাইকাৰী বেপাৰী জনৈক বিক্ৰমৰ মাছ দোকানত ৷ পাইকাৰী বিক্ৰেতাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, প্ৰকাণ্ড মাছটো কপিলী নদীৰ পৰা ধৰি ডিফু বজাৰত বিক্ৰিৰ বাবে অনা হৈছে ৷ মাছটোৰ ওজন ১ কুইণ্টল ১০ কেজি ৷ আৰু পাইকাৰী মূল্য প্ৰতি কেজিত ৬০০ টকা ৷












