![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন সচিবালয়ৰ প্ৰেক্ষাগৃহত আজি ছয়জনীয়া সদস্যৰে বৰলাংফেৰ নগৰ সমিতিৰ তদৰ্থ সমিতিখন গঠন কৰা হয় ৷ তদৰ্থ সমিতি হিচাপে গঠন কৰা বৰলাংফেৰ নগৰ সমিতিৰ নৱ-নিযুক্ত অধ্যক্ষ, উপাধ্যক্ষ আৰু চাৰিজন সদস্যই শপত গ্ৰহণ কৰে। কামছিং তিমুঙ অধ্যক্ষ, ছাৰথে বেই উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে বিৰেণ টকবি, ফুলমুম হাঞ্চে, লংকি তিছ’ আৰু নিৰ্মল চৌহানে সদস্য হিচাপে শপত গ্ৰহণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জেষ্ঠ কাৰ্যবাহী সদস্য মংগল ছিং তিমুং, প্রদীপ ৰংপি, ৰতন টেৰণ আৰু বিধায়ক বিদ্যাছিং ইংলেঙৰ উপস্থিতিত বৰলাংফেৰ নগৰ সমিতিৰ তদৰ্থ সমিতিখনৰ।
বেয়ে সদস্যসকলক ৰিটাৰ্ণং বিষয়া ৰাচ বেয়ে গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। সংশ্লিষ্ট বিভাগীয় যুটীয়া সচিব মাইকেল তিমুঙে আঁত ধৰা শপত গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থকা তিনি গৰাকী কাৰ্যবাহী সদস্য আৰু বিধায়ক ইংলঙে আটাইকেইটা নতুন সদস্যসকলক অভিনন্দন জ্ঞাপন কৰি নৱ গঠিত বৰলাংফেৰ নগৰ সমিতিৰ উন্নতিৰ কামনা কৰে।













