![]()
লংকা : ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱাৰ লগতে এইবাৰ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ সৰবৰাহৰ কৌশল সলনি কৰিছে। শেহতীয়াকৈ টাটা মোবাইলৰ পৰা এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
প্ৰাপ্ত বাতৰি অনুসৰি, আজি পুৱাৰ ভাগত ডিমাপুৰৰ পৰা AS 01JC 1860 নম্বৰৰ টাটা মোবাইলেৰে ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়ত হোজাইৰ নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৩৩ পেকেট ড্ৰাগছ ৷ অভিযুক্তই এক বিশেষ নতুন কৌশলেৰে টাটা মোবাইলৰ বোডিৰ ভিতৰত ড্ৰাগছখিনি সোমোৱাই আনিছিল।
এক গোপন সূত্ৰৰ আধাৰত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই অভিযান চলায় আৰু তেওঁক এই অভিযানত সংগ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা আৰু ডি এছ পি ৰৌজি তালুকদাৰে। অৱশ্যে, এই ড্ৰাগছ সৰবৰাহৰ সৈতে আন দুই তিনিজন লোক আটক হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে আৰক্ষী অধীক্ষকে।
এটা পেকেট ড্ৰাগছৰ মূল্য অনুমানিক ৭০ হাজাৰ টকা হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ উদ্ধাৰ হোৱা ড্ৰাগখিনিৰ মুঠ মূল্য অনুমানিক ২৩ লাখ টকাত কৈ অধিক হ’ব৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷












