![]()
ছাইদুল ইছলাম
ডিফু : সমাজ কল্যাণ বিভাগৰ উদ্যোগত যোৱা ২৫ নৱেম্বৰৰ পৰা দহ ডিচেম্বৰলৈকে চলিবলগীয়া মহিলা আৰু কন্যা সন্তানৰ বিৰুদ্ধে সংঘটিত হোৱা লিংগ ভিত্তিক হিংসাৰ বিৰুদ্ধে চলি থকা সজাগতা অভিযানৰ অংশ হিচাপে আজি ডিফু চহৰত এক বৃহৎ সমদল উলিওৱা হয়।
আজি দিনৰ প্ৰায় এঘাৰ বজাত জিলা সমাজকল্যাণ বিভাগৰ কাৰ্যালয়ৰ পৰা ডিফু নগৰৰ মাজেৰে এক বৃহৎ সমদল উলিওৱা হয়। মহিলা সমিতি, কৰে এনে চি এ, ছাত্ৰ, আত্ম-সহায়ক গোটৰ সদস্যকে ধৰি ভালেসংখ্যক লোকে এই সমদলত অংশগ্ৰহণ কৰে। সমদলৰ অন্তত সমদলকাৰীসকলক লৈ ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। জিলা সমাজকল্যাণ বিষয়া হেলেন তেৰাংপীয়ে সভাখনত ভাষণ প্ৰদান কৰি সমাজত মহিলা আৰু কন্যা সন্তানৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য কৰি উদ্বেগ প্ৰকাশ কৰাৰ লগতে পুৰুষ মহিলা সকলোৱে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন বুলি মন্তব্য কৰে। কৰ্মস্থানত নাৰী আজিও সুৰক্ষিত নহয় বুলি মত ব্যক্ত কৰি নাৰী জাতিক সন্মান কৰিব নজনা এখন সমাজ উন্নতিৰ পথত আগুৱাই নিয়া কেতিয়াও সম্ভৱ নহয় বুলি মত ব্যক্ত কৰে।
ইয়াৰোপৰি অহা ৯ ডিচেম্বৰত ডিফুত এইসন্দৰ্ভত এক কৰ্মশলাৰো আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে জিলা সমাজ কল্যাণ বিষয়াই ৷ নাৰী সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ বিভিন্ন পৰ্যায়ত সসিতি গঠন কৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়য়ে ৷ আজিৰ কাৰ্যসূচীত জিলা সমাজ কল্যাণ বিষয়া হেলেন তেৰাংপীকে ধৰি ডব্লিউ ডব্লিউ অ’ ৰণমালি টেৰণপী, সখী ৱানষ্টপ চেণ্টাৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ইছটা টেৰণপী উপস্থিত থাকি মূল্যৱান বক্তব্য আগবঢ়ায় ৷












