![]()
ছাইদুল ইছলাম
ডিফু : বহুবিবাদিত অসম নাগালেণ্ড সীমান্তবৰ্তী অঞ্চল লাহৰিজানত কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্দেশনা অনুসৰি আজি যিসকল লোকে ভূমিবেদখল কৰি বসবাস কৰি আছে, সেইসকল লোকক আজি কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰপৰা অসম ভূমি আৰু ৰাজহ আইনৰ ভূমি বন্দোবস্তি ১৮(২)/১৮(৩) নিয়মৰ মতে মাটি দখল উচ্ছেদৰ জাননী জাৰি কৰা দেখা পৰিলক্ষিত হৈছে।
চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা লাহৰিজান দুধু ক’লনীত বাসকৰা লোকসকলক ১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে বুলি জানিব পৰা গৈছে।
স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা জাৰী কৰা নটিছ অনুসৰি লোকসকলে ১৫ দিনৰ ভিতৰত নিজ নিজ সামগ্রীসমূহৰ সৈতে ঘৰখালি কৰিব লাগিব অন্যথা আইন অনুযায়ী প্ৰশাসনে উচ্ছেদ কৰিবলৈ বাধ্য বুলি জানিব পৰা গৈছে।
শনিবাৰে লাহৰিজানত জাননী বিতৰণত কাৰ্বিআংলংৰ ডিফু সংমণ্ডলৰ বিষয়ববীয়াসকলৰ উপৰিও খটখটি আৰু বোকাজান আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকলো উপস্থিত থকা দেখা যায়।












