![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ঠায়ে ঠায়ে এতিয়াও ৰাসৰ ওখল-মাখল পৰিবেশ। এতিয়াও শুনিবলৈ পোৱা গৈছে কৃষ্ণৰ বন্দনা। খোল তাতৰ শব্দৰে ৰজনজনাই আছে চৌদিশ। বকুল বৃন্দাবনলৈ ৰূপান্তৰিত এতিয়া পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেং অঞ্চল। টুম্প্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত টুম্প্ৰেং বৰ নামঘৰৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰে ৰাস মহোৎসৱৰ।বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভুমি টুম্প্ৰেঙৰ এই ৰাস মহোৎসৱত কাৰ্বি,বড়ো,দিমাচা,নেপালী,মনিপুৰী, বেঙ্গলী আদি সকলোয়ে সমানে সহায় সহযোগিতা আগবঢ়ায়।
উল্লেখযোগ্য যে,ৰাসক্ৰীড়াত অংশগ্ৰহণ কৰা গোপীসকলে প্ৰত্যেকেই নিজস্ব পৰম্পৰা জাতীয় সাজপাৰ পৰিধান কৰি ৰাসলীলা প্ৰদৰ্শন কৰে।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে পূৱা ধৰ্ম ধ্বজা উত্তোলন, বিভিন্ন প্ৰতিযোগিতা, ধৰ্মীয় আলোচনা চক্ৰৰ লগতে নিশাভাগলৈ গায়ন-বায়ন আৰু বুবুল শইকীয়াৰ পৰিচালনাৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা সম্পন্ন হৈ যায়।শুক্ৰবাৰে নিশা অনুস্থানৰ লগত সংগতি ৰাখি অসমৰ উদিয়মান গায়িকা দ্বিপলীনা ডেকাৰ এক সংগীতানুষ্ঠানো অনুস্থিত হয়।












