![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : স্বায়ত্তশাসিত ৰাজ্য আন্দোলনৰ নামত বিভিন্ন সময়ত প্ৰাণহেৰুৱা তথা কাৰবি আংলঙ জিলাত বিভিন্ন সময়ত কাৰবি-ডিমাচা, কাৰবি-কুকি, কাৰবি-ৰেংমা নগা আদিৰ মাজত সংঘটিত হোৱা সংঘাতত নিহত হোৱা নিৰীহ লোকসকলৰ পৰিয়ালক আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা পাঁচ লাখকৈ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰা হয় ৷
আজি দিনৰ প্ৰায় ১১ মান বজাত পৰিষদৰ পুৰণি সচিবালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মুঠ ২৭টা শ্বহীদ পৰিয়ালৰ মাজত চেকসমূহ বিতৰণ কৰা হয় ৷ শ্বহীদ পৰিয়ালৰ মাজত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোনো কাৰণত বাকী ৰৈ যোৱা শ্বহীদ পৰিয়ালক এই মাহৰ ভিতৰতে এককালীন সাহায়্যৰ চেকসমূহ বিতৰণ কৰা হ’ব বুলি মত প্ৰকাশ কৰে ৷
লগতে জিলাখনত সকলোকে শান্তি-সম্প্ৰীতিৰ পৰিৱেশ অটুট ৰখাৰ আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে শান্তি থাকিলেহে উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে৷












