![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুত সাধাৰণ নাগৰিকৰ পৰা অবৈধভাবে ধনদাবীৰ ঘটনাত জড়িত থকাৰ অভিযোগত আজি জিলাখনৰ আৰক্ষীয়ে দুগৰাকী মণিপুৰী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সেনাৰ চোৰাংচোৱাৰ লগতে ডিফু আৰক্ষীয়ে ডিফু থানাৰ অন্তৰ্গত ডি মাৰবেং নামৰ এলেকাত কোনো দুৰ্বৃত্তই স্থানীয় লোকৰ ওচৰত ধন দাবী কৰাৰ নিশিচিত তথ্য লাভ কৰে ৷ উক্ত তথ্যৰ ভিত্তিতে কালি বিয়লিৰ পৰা ডিফু আৰক্ষী পঞ্চম বেটেলিয়ন আৰু চিআৰপিএফৰ ২০নং বেটালিয়ান এটা যুটীয়া অভিযানকাৰী দলে এক যুটীয়া অভিযান আৰম্ভ কৰে ৷
অভিযানকাৰী দলটোৱে ডি মাৰবেং গাঁৱলৈ যোৱাৰ পথত “এম্বুশ্ব” কৰি থকা অৱস্থাত গাওঁখনৰ পৰা ওভতি অহা পথত দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ ধৃত যুৱক দুজন ক্ৰমে, মণিপুৰৰ জিৰিবাম মংবুম নিৱাসী চেইনেইথেং কিপগেনওৰফে লেলিয়েন ওৰফে জন (৪৩) ৷ আৰু জিৰিবাম জিলাৰ উচাথল জেইৰল পৌৰীৰ পাথুৱং ওৰফে এলকেন পাখুৱাং(৩৪) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱক দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ধনদাবীৰ সময়ত ব্যৱহাৰ কৰা ৮৭৯৮০৩২৭১৭ এয়াৰটেল চীমযুক্ত মোবাইল ফোন আৰু দাবী কৰি অনা নগদ ১০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত ডি মাৰবেং গাঁৱৰ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ৩৫০/২১ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷












