![]()
ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলঙৰ নগাঁও সীমান্তৱৰ্তী এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অলিখিত কাহিনীয়ে চকু কঁপালত তুলিছে৷ কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ছেমছনছিং ইংতি স্কুলৰ প্ৰধান শিক্ষক খগেন ইংতি বিদ্যালয়খনৰ পৰা অকৰ্তৃত্বশীলভাবে অদৃশ্য হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ব্যক্তিগত কামত কোনো ঠাইলৈ গলেহে বছৰত কেতিয়াবা এবাৰ বিদ্যালয়ত ভৰি দিয়ে প্ৰধান শিক্ষকগৰাকীয়ে। বিদ্যালয়খনৰ অভিভাৱক, প্ৰাক্তন ছাত্ৰৰ অভিযোগে চকু কপালত তুলিছে সকলোৰে।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছ’চেং ধেণ্টা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং-নগাঁও জিলা সীমান্তৱৰ্তী এইখন ছেমছন ছিং ইংতি এম ই স্কুল। এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক খগেন ইংতি পৰিগণিত হৈছে অদৃশ্য শিক্ষকৰূপে। ইংৰাজী মাধ্যমৰ এই চৰকাৰী বিদ্যালয়খনৰ বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষকগৰাকীৰ নাম শুনিলে ঠিকেই, পিছে দেখা পালে দহ বছৰৰ বিৰতিৰ মূৰত ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিক স্থানীয় ৰাইজে অভিযোগ দাখিল কৰাৰ পিছতো আজিপৰ্যন্ত গ্ৰহণ কৰা নাই কোনোধৰণৰ ব্যৱস্থা। ৰাইজৰ অভিযোগ প্ৰধান শিক্ষক খগেন ইংতি ব্যক্তিগতভাৱে বিশেষ কাম থাকিলেহে বছৰত এবাৰ বা দুবাৰ আহে বিদ্যালয়খনলৈ। তেওঁৰ এনে কাৰ্যকলাপৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় পৰিত্যাগ কৰি ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলগীয়া হৈছে।
শৈক্ষিক দিশত পিছপৰা কাৰ্বি আংলঙৰ এনে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে কাৰ্বি আংলং পৰিষদৰ মুখ্য কায্যবাহী সদস্য তুলিৰাম ৰংহাঙে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব ৷












