![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুত আজি ২০১৮ বৰ্ষৰ কাৰবি প’ (শ্ৰেষ্ঠ কাৰবি পুৰুষ) আৰু কাৰবি পী (শ্ৰেষ্ঠ কাৰবি মহিলা) বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় ৷ কাৰবি সাহিত্য ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে লুণছে তিমুঙক এই বঁটা প্ৰদান কৰাৰ বিপৰীতে প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অৱসৰ প্ৰাপ্ত কোষাগাৰ বিষয়া কেথৰিণ টেৰণপীলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ কাৰবি ৰিছ’ আদৰবাৰৰ ডিফুস্থিত কাৰ্যালয়ত আজি এই উদ্দেশ্যে অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷ কাৰবি ৰিচ’ আদৰবাৰৰ সভাপতি বিমান ক্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা কাচে ৰংপিপী সভাখনত উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ৷
বিশিষ্টি সাহিত্যিক লুনছে তিমুঙ সভাত উপস্থিত থাকি বঁটা গ্ৰহণ কৰাৰ বিপৰীতে কেথৰিণ টেৰণপী স্বাস্থ্যজনিত কাৰণত সভাত উপস্থিত থাকিব নোৱাৰাত তেওঁৰহৈ স্বামী বৰছিং হাঞ্চেই বঁটা গ্ৰহণ কৰে ৷ ভাষণ প্ৰসংগত পৰিষদৰ সদস্যা কাচে টেৰণপীয়ে কয় যে এনেধৰণৰ বঁটাই পৰৱৰ্তী প্ৰজন্মক সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিয়াৰ উদ্বুদ্ধ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে ৷ এনে পদক্ষেপৰ বাবে মুখ্য অতিথিগৰাকীয়ে লগতে উদ্যোক্তা সকলৰো শলাগ লয় ৷ কাঞ্চাছডিকমৰ সভাপতি অজিত তিমুঙ কাৰবি লাম্মেত আমেই (কাৰবি সাহিত্য সভা)ৰ সভাপতি হুকুৰছিং ৰমপি, কাৰবি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপি, কীৰবি আদৰবাৰৰ সভাপতি মণ্ডলছিং বে’ কাঞ্চাছডিকমৰ সাধাৰণ সম্পাদক ছিং তিমুঙ, কাৰবি লাম্মেট আমেই (কাৰবি সাহিত্য সভা)ৰ সাধাৰণ সম্পাদক লীলাধৰ টেৰণকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে ৷
প্ৰসংগক্ৰমে, উল্লেখযোগ্যযে, কাৰবি সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক কাৰবি ৰিচ’ আদৰবাৰ, কাৰবি ছাত্ৰ সন্থা আৰু কাৰবি চ’ আৰল’ আমেইৰ তৰফৰ পৰা এই বিশেষ সন্মান প্ৰদৰ্শন কৰি অহা হৈছে ৷ উদ্যোক্তা সংগঠনৰহৈ কাৰবি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধ তেৰাঙ, কাৰবি ৰিচ’ আদৰবাৰৰ সাধাৰণ সম্পাদক গৌতম ৰংপি আৰু কাৰবি চ’ আৰল’ আমেইৰ সাধাৰণ সম্পাদিকা বীণা তেৰাংপীয়ে অনুষ্ঠানটি পৰিচালনা কৰে ৷












