![]()
ছাইদুল ইছলাম
ডিফু : ২০১৯ ইংৰাজী বৰ্ষৰ ১১ ডিচেম্বৰত বিতৰ্কিত নগৰিকত্ব সংশোধনী বিধেয়ক (CAA)আইনলৈ পৰিৱৰ্ত হৈছিল ৷ উক্ত আইনক সদৌ উত্তৰ-পূৱ ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থা অসম চমুকৈ আছুৱে ক’লা আইন আখ্যা দি শনিবাৰে ৰাজ্যজুৰি ক’লা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ইয়াৰ লগত সংগতি ৰাখি আজি বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিকে ডিফু ছেমচনছিং ইংতি সোঁৱৰণি উদ্যানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে চাৰিখনকৈ ক’লা পতাকা উৰুৱাই ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ ডিফু আঞ্চলিকৰ সভাপতি দিপজ্যোতি মালিয়ে কয় যে, ক’লা আইন সদৃশ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰাৰ লগতে এই আইন প্ৰত্যাহাৰ নোহোৱালৈকে আছু ক্ষান্ত নহয় ৷ অৱশ্যে পিছত ডিফু থানাৰ আৰক্ষীৰ লোক আহি ক’লা পতাকাসমূহ আঁতৰাই আনে ৷












