![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত এইবাৰ ড্ৰাগছ আৰু অবৈধ সুৰাৰ ওপৰিও অবৈধ সোণৰ বিস্কুটো সৰবৰাহ কৰাৰ দৰে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷
এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, লাহৰিজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমান, ডিলাই থানাৰ উপ-পৰিদৰ্শকৰ সহযোগত আৰক্ষীৰ এটা দলে ডিলাই তিনিআলিত চলোৱা এক নাকা তালাচীত AS-01-EV-2350 নম্বৰৰ এখন বাহনত চলোৱা তালাচীত জব্দ হয় বুজন পৰিমাণৰ সোণৰ বিস্কুট ৷
ক’লা টেপেৰে মেৰিয়াই অনা চাৰিটা পেকেটত জব্দ উদ্ধাৰ হয় ৪৯ টুকুৰা সোণৰ বিস্কুট৷ জব্দকৃত সোণৰ বিস্কুটসমূহৰ ওজন ৮ কিলো ১৮ গ্ৰাম৷
সোণৰ বিস্কুটসমূহ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত ব্যক্তি দুজন ক্ৰমে- মণিপুৰৰ প্ৰকাশ বাস্নেট আৰু সুভাষ বিস্তা ৷
আনহাতে, জব্দকৃত সোণৰ বিস্কুটসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় চাৰি কোটি টকাৰো অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷












