![]()
ছাইদুল ইছলাম
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙত ক’ভিড ১৯ ভেকচিনেছন প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ আজি পাৰ্বত্য জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷
সোমবাৰে পুৱাৰ ভাগত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্মচাৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷
বৈঠকৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ চুকে-কোণে ক’ভিড ১৯ নিৰ্মূলৰ বাবে মেগা ভেকচিনেছন অভিযান আৰম্ভ কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰিছে যদিও দুই পাৰ্বত্য জিলা আৰু কৰিমগঞ্জ জিলাত এশ শতাংশ ভেকচিনেছন সম্পন্ন কৰিব পৰা নাই৷
সেয়ে, কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদান অভিযান প্ৰস্তুতি লোৱা হৈছে৷ তেওঁ কাৰবি আংলঙত ১০০শতাংশ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ ডিফুত উপস্থিত হৈছে বুলি কয় ৷
মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি কাৰ্বি আংলঙত ১৯২খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০শতাংশ ভেকচিন ৷ আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান হৈছে৷
৭৫ খন গাঁৱত হৈছে ৫০শতাংশতকৈ কম ভেকচিন প্ৰদান কৰা হৈছে ৷ এইলৈ জিলাখনত ১০০টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিন প্ৰদান অভিযান ৷ ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে ১০০ শতাংশ ভেকচিন প্ৰদান কৰিব৷
ইতিমধ্যে, চুবুৰীয়া জিলাসমূহৰ পৰা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ৩৭টা দল কাৰ্বি আংলঙত উপস্থিত হৈছে ৷
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে অধিক মন্তব্য কৰি কয় যে, দুৰ্গম যাতায়ত আৰু অপপ্ৰচাৰৰ বাবে কাৰ্বি আংলঙত নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱা নাই ১০০শতাংশ ভেকচিন প্ৰদান ৷
লগতে মন্ত্ৰীগৰাকীয়ে আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি কয় যে, কাৰ্বি আংলঙৰ বহু চৰকাৰী কৰ্মচাৰী, গাঁওবুঢ়াই গ্ৰহণ কৰা নাই কভিড ভেকচিন৷ মন্ত্ৰীগৰাকীয়ে মানজা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ এইকথা প্ৰকাশ কৰে।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকিয়নী দি কয় যে, ভেকচিন গ্ৰহণৰ প্ৰমাণ-পত্ৰ নিদিলে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা লাভ নকৰিব ৷
মানজাৰ পাছতেই মন্ত্ৰীগৰাকী ৰাওনা হয় বকলীয়াঘাট, ডকমকা, টুমপ্ৰেং, ডংকামোকাম আদি অঞ্চললৈ ৷
তাতো স্বাস্থ্য কৰ্মী, গাঁওবুঢ়া, স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিব মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷












