![]()
ছাইদুল ইছলাম
ডিফু : পাৰ্বত্য জিলা কাৰবি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ’ল ৷ জিলাখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ সোমবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প কেন্দ্ৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ন তথা খনি আৰু খনিজাত সমগ্ৰী মন্ত্ৰী যোগেন মহনৰ সৈতে দুই পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এতিয়াৰে পৰা দুয়োখন জিলাত কয়লা খনন বৈধ হ’ব ৷ ইয়াৰ বাবে চৰকাৰে এখন খচৰা এছঅ’পিৰ তৈয়াৰ কৰিছে ৷
যোৱা ৩ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুয়োখন পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাংসদ, বিধায়কৰ উপস্থিতিত এই সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈছিল ৷ এই সভাতে এখন খচৰা এছঅ’পি প্ৰস্তুত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি ডিফুত এই খচৰা সন্দৰ্ভত দুয়োখন পৰিষদৰ সৈতে আলোচনাত মিলিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ জিলা দুখনৰ কয়লাৰ ক্ষেত্ৰত এতিয়াৰে পৰা দুয়োখন পৰিষদৰ ৰাজ্য চৰকাৰৰ সৈতে ৭০-৩০ শতাংশ কৰ্তৃত্ব থাকিব ৷
ইয়াৰে পৰিষদৰ ৭০ আৰু ৰাজ্য চৰকাৰৰ ৩০ শতাংশ ৰাজহ লাভ কৰিব ৷ খনন আৰু পৰিবহনৰ অনুমতিৰ বাবে পৰিষদ দুখন এনঅ’চি বাধ্যতা মূলক হ’ব ৷ খননৰ ক্ষেত্ৰত পৰিষদৰ নীতি উলংঘা কৰিলে তেনে প্ৰতিষ্ঠানখনৰ অনুমোদন বাতিল কৰা হ’ব ৷ আজিৰ বৈঠকত খচৰা এছঅ’পিৰ বিতং আলোচনাৰ অন্তত বহু কেইটা সংশোধনী অনা হৈছে ৷ খচৰা এছঅ’পিত মুখ্যমন্ত্ৰীৰ অনুমোদন লাভ কৰাৰ পিছত তিনিদিনৰ ভিতৰত এই খচৰা সম্পূৰ্ণ কৰি ৰাজহুৱা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷
আনহাতে বৈঠকত উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে, দুয়োখন পাৰ্বত্য জিলাৰ খনিজাত সামগ্ৰী আহৰণৰ বাবে আজিৰ আলোচনা অনুষ্ঠিত হৈছিল৷ পূৰ্বে এই ক্ষমতা পৰিষদৰ হাতত নাছিল ৷ আজি এই সামগ্ৰীসমূহৰ ক্ষমতা আৰু অধিকাৰ পৰিষদে লাভ কৰিলে ৷ আজিৰ বৈঠকত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, অসম বিধান সভাৰ উপাধক্ষ্য ডঃ নোমল মমিন, বিধায়ক বিদ্যাচিং ইংলেং, দৰছিং ৰংহাঙ, খনি আৰু খনিজাত সামগ্ৰী উচ্চ পদস্থ বিষয়া, দুয়োখন পৰিষদৰ প্ৰধান সচিবদ্বয় উপস্থিত থাকে ৷












