![]()
ছাইদুল ইছলাম
ডিফু : যোৱা নিশা ডিফুত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ নিহত হোৱা ঘটনাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা প্ৰায় ১১-৪৫ বজাত ডিফু ৰংখেলানৰ কেএছএ কাৰ্যালয়ৰ সন্মুখন এজন মটৰ চাইকেল আৰোহীৰে অচিনাক্ত জীপচীৰ সৈতে মূখামুখী সংঘৰ্ষ হয় ৷ উক্ত দুৰ্ঘটনাত ডিফুৰ সমীপৱৰ্তী চেৰলংজনৰ জেকৱ হাঞ্চে গুৰুতৰ বাবে আহত হয় ৷ আহত জেকৱ হাঞ্চেক তৎক্ষণাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাহে ডিমাপুৰলৈ নিয়াৰ পথত জেকৱ হাঞ্চেৰ মৃত্যু হয় বুসি জানিব পৰা গৈছে ৷
জানিব পৰা মতে মৃত জেকৱ হাঞ্চে বিজেপি কাৰবি আংলং জিলা সমিতিৰ জনজাতীয় মৰ্চাৰ তথ্য আৰু প্ৰযুক্তি কোষৰ আহ্বায়ক হিচাপে নিযুক্ত হৈছিল ৷ আনহীতে দুৰ্ঘটনা সংঘটিত কৰি জীপচিখনলৈ চাসকে পলায়ন কৰিবলৈ সক্ষম হৈছে ৷













