![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি বিয়লি ডিফুস্থিত চিপিআই(এমএল) হিলছ পাৰ্টীৰ মুখ্য কাৰ্যালয়ত নিখিল ভাৰতীয় প্ৰগতিশীল নাৰী সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সচিব মীনা তিৱাৰীয়ে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ বিশেষকৈ অহা ১৬ ডিচেম্বৰত দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত মহিলাৰ দ্বাৰা শ্বাহিনবাগত প্ৰদৰ্শন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অহা ১৬ ডিচেম্বৰত ‘কা’ আৰু এনআৰচি সন্দৰ্ভত আন্দোলন কৰাৰ কথা ঘোষণা কৰে ৷ অলপতে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ ওচৰত নত স্বীকাৰ কৰি বাতিল কৰাৰ দৰে এই দুয়োখন আইনো বাতিল কৰাবৰ বাবে নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ কৃষক আন্দোলনত কৃষকৰ বিজয়ৰ বাবে কৃষকসকলক অভিনন্দন জনাই উক্ত আইন কাৰ্যকৰী হ’লেই ভাৰতৰ কৃষকে ৰাজ সাহায্য প্ৰাপ্ত খাদ্য সামগ্ৰী, মধ্যাহ্ন ভোজনৰ দৰে আঁচনি চিৰদিনৰ বাবে বন্ধ হোৱাৰ সম্ভাৱনা আছিল বুলি মন্তব্য কৰে ৷
আনহাতে সমগ্ৰ দেশজুৰি শেহতীয়াকৈ ব্যাপক হাৰত হোৱা মূল্যবৃদ্ধিক কঠোৰ সমালোচনা কৰে ৷ পঞ্জাৱ হাৰিয়ানাৰ কৃষতৰ কৃষক আন্দোলনৰ সুফল আজি সমগ্ৰ দেশে ভোগ কৰিছে ৷ মূল্য বৃদ্ধিৰ বাবে ভাৰতৰ মহিলাই পুষ্ঠিৰ লগত এসাজ পেট পুৰাই খাব পৰা নাই ৷ বৰ্তমান ৰন্ধন গেছ ক্ৰয় ক্ষমতাৰ বাহিৰত সেয়ে ৰন্ধন গেছৰ মূল্য ৫০০ টকালৈ অধঃনমিত কৰিবলৈ আহ্বান জনাইছে নেতৃগৰাকীয়ে ৷ ৰন্ধনগেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে মহিলাসকলে উজলা আঁচনিৰ ৰন্ধন গেছ ঘৰৰ এচুকত পেলাই থবলগীয়া হৈছে বুলি মন্তব্য কৰে ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদত মহিলাৰ বাবে আসন সংৰক্ষণৰ আহ্বান জনায় নেতৃগৰাকীয়ে ৷
ইয়াৰোপৰি চিবিএছই পাঠ্যক্ৰমত মহিলাৰ বাবে সন্মান হানিকৰ পাঠ়্ক্ৰম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন কৰি এনে পাঠ্যক্ৰম বন্ধ কৰাৰ দাবী জনায় আইপোৱাৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে ৷ চৰকাৰে মনোস্মৃতিক আদৰ্শ গ্ৰন্থ হিচাপে লৈ দেশ চলোৱা চেষ্টা চলোৱা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ সংবাদমেলৰ পূৰ্বে আইপোৱাৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে আইপোৱা, আৰু কেএনচিএৰ নেতৃবৰ্গ আৰু সদস্যসকলৰ এক যুটীয়া বৰ্দ্ধিত সভাত অংশগ্ৰহণ কৰে ৷
আনহাতে কেএনচিএৰ সাধাৰণ সম্পাদিকা তথা আইপোৱাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী প্ৰতিমা ইংহিপীয়ে সংবাদমেলক সম্বোধন কৰি কয় যে, কাৰবি আংলঙৰ লগতে ৰাজ্যত মহিলাসকল আজি সুৰক্ষিত নহয়৷ অপৰাধীয়ে উচিত শাস্তিৰ পৰা হাৰি গৈছে ৷ উদাহৰণ স্বৰূপে কাৰবি আংলঙৰ জীয়ৰী চুমিলা ৰংহাংপী যোৱা এপ্ৰিল মাহত ৰহাত নিৰ্দয়বাবে জলাই হত্যা কৰাৰ পিছতো প্ৰকৃত ন্যায় লাভ কৰিবলৈ সক্ষম নহ’ল ৷ চুমিলা ৰংহাঙপীৰ গোচৰত উপযুক্ত আইনৰ ধাৰা সংযোজন কৰা হোৱা নাই বুলি অভিযোগ কৰে নেত্ৰীগৰাকীয়ে ৷ আজিৰ সংবাদমেলত কেএনচিএৰ উপ সভানেত্ৰী ৰেকা তেৰাংপী, আইপোৱাৰ ডিফু সমিতিৰ সভানেত্ৰী প্ৰতিমা ছিংনাৰপী, কেএনচিএৰ পশ্চিম কাৰবি আংলঙৰ সভানেত্ৰী বীণা ৰংপিপী উপস্থিত থাকে ৷












