![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম-নাগালেণ্ড সীমান্ত এলেকাত যোৱা কেইটামান দিনত কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই নিতৌ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তে আজি বিয়লি প্ৰায় ৪ মান বজাত বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত আৰক্ষীয়ে তালাচী চলাই নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে ডিলাই তিনিআলিৰ নাকাত এক তালাচী অভিযান চলায়।
আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে ডিমাপুৰৰ পৰা বঙাইগাওঁ অভিমুখে গৈ থকা এএছ-১৯-এফ-৬৪১৯ নম্বৰৰ এখন ৱাগনৰ বাহনত তালাচী চলাই এটা চাবোনৰ বাকচ আৰু এটা চাদাৰ টেমাত লুকুৱাই অনা অৱস্থাত ১৩.৪৯ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে বঙাইগাওঁ জিলাৰ যুগল কিশোৰ ৰাভা (২৮) আৰু ৰবি শ্বাহ (২৫) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, জব্দকৃত হেৰ’ইনখিনিৰ বজাৰমূল্য আনুমানিক প্ৰায় ৫০ হাজাৰ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।












