![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত কাৰবি আংলং জিলা টাই আহোম কালচাৰেল ছ’চাইটি আৰু পূৰ্বাঞ্চল টাই আহোম সাহিত্য সভা কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত ডিফুৰ ধৰমনালা ছ্যুকাফা ভৱনত দিনজোৰা কাৰ্যসূচীৰে ৩৬ সংখ্যক মে-ডাম-মে-ফী উদযাপন কৰা হয় ৷
আজি পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰিয়ৰাম দিহিঙ্গীয়াই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত মেদাম তৰ্পন, চাও ছেং ৰৌনত বন্তি প্ৰজলন আদি কাৰ্যসূচীৰ পিছত পুৱা ১০ বজাৰ পিছত শিৱসাগৰ পাটসাকোঁৰ পৰা আমন্ত্ৰিত পুৰোহিতসকলৰ দ্বাৰা ‘বান-ফি’সম্পন্ন কৰা হয় ৷ দিনৰ প্ৰায় ১১ বজাৰ পৰা কাৰবি আংলং টাই কালছাৰেল ছ’চাইটিৰ সভাপতি দেৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ডঃ গিৰিণ ফুকনে নিৰ্দিষ্ট বক্তা আৰু ডঃ মলয়া গগৈয়ে বিশিষ্ট বক্তা হিছাপে ভাষণ প্ৰদান কৰি দিয়া মে-ডাম -মে-ফী সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
উল্লেখযোগ্য যে, আজিৰ এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙক সন্মানীয় “ছ্যকাফা সমন্বয় বঁটা” প্ৰদান কৰা হয়৷ বঁটা গ্ৰহণ কৰি মুখ্য অতিথিৰ আসনৰ পৰা প্ৰদান কৰা ভাষণত এই সন্মানীয় বঁটা প্ৰদান কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে এয়া জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা হিচাপে অভিহিত কৰে ৷ কাৰবি আৰু আহোমসকলৰ মাজত পূৰ্বৰ প্ৰজন্মৰ মাজত সন্মান জনোৱাৰ প্ৰথাৰ যথেষ্ট সাদৃশ্য থকা বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহীগৰাকীয়ে সকলো জাতি-জনগোষ্ঠীৰ লোকে সমিলমিলৰ মাজেৰে বসবাস কৰি থকাৰ বাবে সকলোকে আহ্বান জনায় ৷ আজিৰ মে-ডাম-মে-ফী অনুষ্ঠানত ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙ, হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙকে ধৰি ভালেসংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷












