![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ কৃষি আৱাসিক কলনিৰ “ডিফু কৃষি আৱাসিক নামঘৰ”ৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ এই উপলক্ষে পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণ, প্ৰাক্তন নামঘৰীয়া মহেন্দ্ৰ চুতীয়াৰ দ্বাৰা পতাকা উত্তোলন, বিশ্ব হিন্দু পৰিষদ কাৰবি আংলং জিলা পৰিষদৰ দ্বাৰা সম্বৰ্ধনা অনুষ্ঠান, নামঘৰ চহদত ভাগৱত ভ্ৰমণ, নাম প্ৰসংগ আৰু ভাগৱত পাঠ, প্ৰসাদ বিতৰণ, ভকত বৃন্দক আপ্যায়ণ, সন্ধিয়া পতাকা অৱৰোহন ৷ তাৰ পিছত “কুৰুসন্ধ্যা” নাটক ভাওনা আকাৰে মঞ্চস্থ ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ উপস্থিতিত ‘কুৰুসন্ধ্যা’ নাটৰ ভাওনাখনৰ শুভ উদ্ধোধন কৰে পৰিষদৰ স্থানীয় কাৰ্যবাহী সদস্য ৰতন টেৰণে ৷ মহিলাসকলে কুৰু সন্ধ্যা নাটৰ বিভিন্ন চৰিত্ৰত উৎকৃষ্ট অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপত ডিফু কৃষি আৱাসিক নামঘৰৰ নামঘৰীয়া প্ৰৱীণ চন্দ্ৰ বৰকটকীয়ে কয় যে, মহাপুৰুষ শংকৰদেৱৰ সমন্বয় সম্প্ৰীতিৰ মহান উদ্দেশ্যৰে লোকক ঈশ্বৰমুখী কৰাৰ লক্ষ্যলৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু বিকাশৰ বাবে কুৰুসন্ধ্যা নাট মঞ্চস্থ কৰা হৈছে ৷
উক্ত নাটৰ জৰিয়তে যাতে নৱ-প্ৰজন্ম অনুপ্ৰাণিতহৈ নিজৰ নিজৰ চৰিত্ৰ গঠনৰ লগতে ধৰ্মৰ প্ৰতি প্ৰজ্ঞাৰ উদয় হয় তাৰ প্ৰতি দৃষ্টি ৰাখি নাটখন মঞ্চস্থ কৰা হৈছে ৷












