![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজান ক্ৰীড়া সন্থাৰ কম্প্লেক্সত কাৰ্বিআংলং জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু বোকাজান মহকুমা প্ৰশাসনৰ সহযোগত জিলাখনত দিনক দিনে বাঢ়ি অহা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ৷
উক্ত সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ লগতে বিশিষ্ট অতিথি হিচাপে বোকাজান মহকুমাৰ মহকুমাধিপতি, বোকাজান মহকুমা আৰক্ষী বিষয়া, জিলা পৰিবহণ বিভাগৰ পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈ উপস্থিত থাকে।
সভাৰ মূল উদ্দেশ্য আছিল যে দিনক দিনে সমগ্ৰ ৰাজ্যৰ তুলনাত কাৰ্বিআংলঙত দুৰ্ঘটনাৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে।
যাৰ ফলত জিলা পৰিবহণ বিভাগ আৰু বোকাজান মহকুমা প্ৰশাসনে আজি বোকাজানবাসী ৰাইজক সজাগ আৰু সচেতন কৰাৰ মানসেৰে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও ট্ৰাক চালকসন্থা, বালি মহলসকলৰ মালিক, গাড়ীৰ মালিক, চালকসকলৰ উপস্থিতিত আজিৰ সভাখনি অনুষ্ঠিত কৰা হয়।
উপস্থিত ৰাইজৰ আগত মটৰ চাইকেল নাইবা চাৰিচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে বিশদভাৱে জনাই দিয়া পৰিলক্ষিত হয়।












