![]()
ছাইদুল ইছলাম
ডিফু : চাব ষ্টেচন, ফীডাৰ, কণ্ট্ৰ’ল ৰুম, আউট চ’ৰ্ছিঙৰ বিৰোধিতা, অস্থায়ী কৰ্মচাকৰীৰ নিয়মীয়াকৰণ, নতুন নিযুক্তি বন্ধ আৰু কেন্দ্ৰীয় সাহিত্য ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ব্যক্তিগত কৰণৰ প্ৰতিবাদত কো-অৰ্ডিনেছন কমিটি অফ ইলেক্ট্ৰিচিটি এম্প্লয়িজ ইঞ্জিনিয়াৰ্চ এণ্ড পেঞ্চনাৰ্ছে আজি আহ্বান জনোৱা ৰাজ্যজোৰা বিদ্যুৎ কৰ্মচাৰীৰ দুঘণ্টীয়া প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰ অংশ স্বৰূপে আজি ডিফুৰ কাঞ্চ ইলেক্ট্ৰিকেল জ’নৰ সন্মুখত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি, অস্থায়ী চাকৰি নিয়মীয়া কৰক, নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰক, পুৰনি পেঞ্চন বাহাল কৰক, স্বায়ত্তশাসিত ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক, আমাৰ দাবী পূৰণ কৰক, উই ৱাণ্ট জাষ্টিছ আদিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷












