![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মাজুলী উপ-নিৰ্বাচনৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্ৰৰঞ্জন বসুমতাৰী মনোনয়ন পত্ৰ দাখিল। বৃহস্পতিবাৰে বসুমতাৰী মনোনয়ন দাখিলৰ ৰেলীত এজেপি সভাপতি লুৰীণজ্যোতি গগৈ উপৰিও কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দল কাৰ্যকৰী সভাপতি ভাস্ক-ডি শইকীয়াই অংশগ্ৰহণ কৰে। উল্লেখ্য বিজেপিৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বসুমতাৰীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি কয়- যুজঁখন তামাম ভাল হ’ব। বিজেপি ধনবল, বাহুবল, অপ-সংস্কৃতি, প্ৰলোভন, জনবিৰোধী নীতি বিৰুদ্ধে যুঁজিবলৈ আহিছোঁ। বিজেপি দলে মাজুলীবাসীক ৰামঠগন দিছে।
আনহাতে বিজেপিয়ে এজেপি প্ৰাৰ্থীগৰাকীক চালানি বুলি কোৱা প্ৰসংগত বসুমতাৰীয়ে কয়- বিজেপিৰ সকলো প্ৰাৰ্থীয়ে চালানি। হিমন্ত বিশ্ব নলবাৰী পৰা জালুকবাৰী গৈছে, সৰ্বানন্দ সোণোৱাল চাবোৱা পৰা মাজুলীলৈ আহিছিল।
মাজুলীবাসীৰ ১০০শতাংশ জনতাই বিজেপি বিৰোধী ভোট প্ৰদান কৰিব। ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিজেপিয়ে ভাবি থকাটো উল্টা হ’ব। অসমত ইতিহাস ৰচনা কৰি উপ-নিৰ্বাচনত চৰকাৰ সাৰিব-বসুমতাৰীয়ে কয়। মাজুলীবাসীয়ে ভূৱন গামক পাবলৈ পূৰ্বতে ভোট দিয়া নাছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলিহে ভোট দিছিল। কিন্তু মাজুলীবাসীয়ে মাটি কেলেংকাৰীত জড়িত গামক পাইছে লগতে তেওঁ কয়।
ইফালে মাজুলীবাসীৰ দৰে সচেতন ব্যক্তি ক’তো দেখা আৰু পোৱা নাই। মাজুলীবাসী পৰা শিকিব লগা আছে। মাজুলীৰ ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ল’ম ভৱিষ্যতে মাজুলীৰ সন্তান হৈ কাম কৰিবলৈ আহিছোঁ- বসুমতাৰীয়ে কয়।
উল্লেখ অহা ৭মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচন।













