![]()
ছুপ্ৰিম কোৰ্টৰ ৰায় ঘোষণাৰ পিছতেই পাকিস্তান পিপল্ছ পার্টিৰ প্রধান বিলাবল ভুট্টোই টুইটাৰত লিখে, ‘গণতন্ত্রই সকলোতকৈ ভাল প্রতিশোধ।’
শেষৰক্ষা নহ’ল। ছুপ্রিম কোর্টত মুখ থেকেচা খালে ইমৰান খানে। তেওঁৰ বিৰুদ্ধে সংসদত উত্থাপন হোৱা অনাস্থা প্রস্তাৱ বাতিল কৰিছিল উপাধ্যক্ষই। এইবাৰ উক্ত পদক্ষেপক ‘অসাংবিধানিক’ ঘোষণা কৰিলে পাকিস্তানৰ শীর্ষ আদালতে। জনালে, শনিবাৰে পুৱা ১০ বজাত হ’ব অনাস্থা ভোট।
কাইলৈ ইমৰান খান পৰাস্ত হ’লে তেৱেঁই হ’ব আস্থা ভোটত ক্ষমতা হেৰুৱাবলগীয়া পাকিস্তানৰ প্রথম প্রধানমন্ত্রী। ইয়াৰ পূৰ্বেও প্রতিবেশী দেশখনত দুই প্রধানমন্ত্রীৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ অনা হৈছিল। কিন্তু অনাস্থা ভোটৰ আগতেই তেওঁলোকে প্রধানমন্ত্রিত্ব এৰিছিল। অৱশ্যে ইমৰান খানে স্পষ্টভাৱে জনাইছে, তেওঁ ‘শেষ বল পর্যন্ত খেলিব’।
ইফালে ছুপ্ৰিম কোৰ্টৰ ৰায় ঘোষণাৰ পিছতেই পাকিস্তান পিপল্ছ পার্টিৰ প্রধান বিলাবল ভুট্টোই টুইটাৰত লিখে, ‘গণতন্ত্রই সকলোতকৈ ভাল প্রতিশোধ।










