![]()
নগাঁও জিলাৰ চামগুৰি সমষ্টিত আন এক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে খাটোৱাল আৰক্ষীয়ে। গেৰুৱামুখৰ ছায়েতিনি আলিত খাটোৱাল আৰক্ষী থানাৰ বিষয়া হৰেণ গগৈৰ নেতৃত্বত যোৱা এটা দলে নিশা প্ৰায় ২.২৫ মান বজাত চলোৱা এক অভিযানত ড্ৰাগছ সৰবৰাহকাৰী ৰফিকুল ইছলামৰ লগতে জব্দ হয় সজীৱ গুলিৰ সৈতে এটা পিষ্টল আৰু নগদ ধন সহ এখন গাড়ী।
জানিব পৰা মতে, আৰক্ষীৰ অভিযানৰ সময়ত ৰফিকুলে আৰক্ষীলৈ এক ৰাউণ্ড শূণ্যকৈ গুলীচালনা কৰি পিষ্টলটো পেলাই থৈ পলায়ন কৰে। পৰৱৰ্তী সময়ত, আৰক্ষীয়ে ৩৫ ৰাউণ্ড সজীৱ গুলিৰ সৈতে .২২ পিষ্টল সহ ২৭৪ ৮০ টকাৰ সহ এএছ ০২ এছ ০৪৬১ নম্বৰৰ এখন কুইড গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা উক্ত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ আৰক্ষীৰ দলটোৱে অভিযান চলাই আজি পুৱা গেৰুৱামুখ অঞ্চলৰ ৰফিকুল ইছলাম (২৫) ক দুটা ম’বাইল ফোন সহ আটক কৰে ৷
এই ড্ৰাগছ ব্যৱসায়ী জনে ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি চামগুৰিৰ লগতে নগাঁও জিলা খনত ড্ৰাগছৰ এক সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল ৷ অধিক তথ্যৰ বাবে খাটোৱাল আৰক্ষী থানাত ৰফিকুলক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।












