![]()
সোণাৰি নগৰৰ কাষতে লাগি থকা টাউকাক নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছে সোণাৰি ভৱানীপুৰৰ দুই যুৱক ক্ৰমে সঞ্জয় সৰকাৰ আৰু ৰজত দাস। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পাৰে মতে, উক্ত দুই যুৱকে ছয়জন সমনীয়াৰ সৈতে নৈত গা ধুই থকা সময়ত পানীৰ সোঁতত উটি যায়। সতীৰ্থ সকলে উদ্ধাৰৰ বাবে চিঞৰ-বাখৰ কৰে যদিও জনশূণ্য এলেকা হোৱাত স্থানীয় লোক উপস্থিত হ’ব নোৱাৰে।
ৰজত দাস সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল আৰু আন জন সঞ্জয় সৰকাৰ সোণাৰি হাজী অচিমুদ্দিন মিচন স্কুলৰ ছাত্ৰ আছিল । দুই কিশোৰ সন্ধনহীন হৈ থকা ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে।













