![]()
২০১২ চনতে অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখা আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠন ‘আনলা’ৰ আলোচনা প্ৰক্ৰিয়া পৰা বাহিৰত লৈ যোৱা ১৩ গৰাকী দুৰ্ধৰ্ষ কেডাৰে আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে।
এই উদ্দেশ্য আজি বোকাজান থানাত আয়োজিত এক বিশেষ অনুষ্ঠানত আত্ম সমৰ্পণ কৰা উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ ওচৰত এক বৃহৎ অস্ত্ৰ ভান্ডাৰো জমা দিয়ে।
আত্মসমৰ্পণকাৰী আনলা সদস্য কেইগৰাকী ক্ৰমে গণপত গাঁৱৰ শংকৰ কুৰ্মী, গংগা আটিৰ সুমন গৌৰ, মলেশ গাঁৱৰ গংগাৰাম চাহু, চদমন্দা গৌৰ, হাতীদন্ডী গোপাল গোৱালা গাঁৱৰ অজিত প্ৰধান, মলেশ গাঁৱৰ মনোজ চাহু, নাওদাংগাৰ হৰি গৌৰ, গংগা আটিৰ কনকৰাম গৌৰ, মলেশ গাঁৱৰ শংকৰ গৌৰ, নাৱাদাংগাৰ বিদজাৰাম লোধী, গংগা আটিৰ হীৰা গৌৰ, লংচেকজান বিধাসপুৰী গাঁৱৰ পবন গৌৰ আৰু হাদীতন্ডীৰ কুলদ্বীপ নায়ক বুলি চিনাক্ত কৰা হৈছে।
আত্মসমৰ্পণকাৰী আনলা সদস্যসকলে আজি আৰক্ষীৰ আৰু নিৰাপত্তাৰক্ষীৰ ওচৰত এ কে ছিৰিজৰ ৰাইফল চাৰিটা, পিষ্টল চাৰিটা, ৰিভলভাৰ এটা, এ কে ছিৰিজৰ মেগজিন চাৰিটা, এ কে ছিৰিজৰ গুলী ১৬টা, পিষ্টলৰ গুলী ২০ টা জমা দিয়ে। আনলাৰ সদস্যকেইগৰাকীৰ আজিৰ এই আত্মসমৰ্পণ অনুষ্ঠানত অসম আৰক্ষীৰ মধ্য মন্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা, কাৰ্বি আংলং জিলা আৰক্ষী আৰু অসম আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অসম ৰাইফলছৰ ব্ৰিগেডিয়াৰ শশীন্দৰ তিৱাৰী আদি উপস্থিত থাকে।
আৰক্ষীৰ সূত্ৰ অনুসৰি,অসম আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ প্ৰচেষ্টাত এইসকল সশস্ত্ৰ বিদ্ৰোহী মূলসুঁতিলৈ উভতি আহে। অনুষ্ঠানটিত উপস্থিত থাকি প্ৰদান কৰা ভাষণত অসম আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই আত্মসমৰ্পণকাৰী বিদ্ৰোহী সদস্যসকলক মূলসুঁতিলৈ আদৰণি জনোৱাৰ লগতে এই সফলতাই ৰাজ্যৰখনলৈ শান্তিৰ বাতাবৰণ কঢ়িযয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
আনহাতে, আত্মসমৰ্পণকাৰী আনলা সদস্যসকলে চৰকাৰৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতি আদৰণি জনাই মূলসুঁতিলৈ উভতি অহা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, বিগত এটা দশকৰ পূৰ্বে আদিবাসী উগ্ৰপন্থী সংগঠন আনলাই অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে যদিও তেতিয়াও আলোচনা প্ৰক্ৰিয়াৰ পৰা আতঁৰত থকা এইসকল সদস্যই বিশেষকৈ কাৰ্বি আংলং আৰু গোলাঘাট এলেকাত সক্ৰিয় হৈ আছিল।
আজি আত্মসমৰ্পণ কৰা কেডাৰ কেইজনে ৪ টাকৈ AK চিৰিজৰ ৰাইফল, ৪ টা পিষ্টল, ১টা ৰিভলভাৰ উপৰিও ৪ টাকৈ AK চিৰিজৰ মেগজিনৰ লগতে বহু কেইজাঁই সজীৱ গুলি আৰক্ষীৰ ওচৰত জমা দিয়ে ।












