![]()
পশ্চিম কাৰ্বি আংলং:
ৱৈঠালাংছ’ৰ আমতেৰেং লংজুট গাঁৱত কাৰ্বি লাংপি নদীত উখল-মাখল পৰিবেশ।সহস্ৰাধিক লোকে আনন্দ উল্লাসেৰে পালন কৰিলে ‘বতৰ অক্ কি ফ্ৰু’ অৰ্থাৎ মাছ মৰা উৎসৱ।কাৰ্বি পৰম্পৰা অনুসৰি বহাগ মাহৰ শেষৰটো সপ্তাহত কাৰ্বি লাংপি নদীত জনগোষ্ঠীটোৰ লোক সকলে উদযাপন কৰে এই ‘বতৰ অক্ কি ফ্ৰু’ উৎসৱ।
লোক বিশ্বাস অনুসৰি এই ‘অক কি ফ্ৰু’ উৎসৱ উদযাপনৰ ফলত বছৰটোত কৃষি কৰ্ম ভাল হোৱাৰ লগতে সমাজৰ পৰা অপায় অমংগল দুৰ হোৱা,বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি।
পৰম্পৰা অনুসৰি এই উৎসৱত অংশগ্ৰহন কৰা প্ৰত্যেক গৰাকী লোকে এমুঠিকৈ বিশেষ এবিধ বিহ যুক্ত গছৰ শিপা লৈ আনিব লাগে যি শিপাৰ ৰস প্ৰয়োগ কৰি মাছ চিকাৰ কৰা হয়।এই অনুষ্ঠানত উপস্থিত থাকে‘চিনথং লিন্দক্প’ অৰ্থাৎ চিনথঙৰ কাৰ্বি ৰজা হেমাৰী হাঞ্চে আৰু সমাজ সেৱক লিপচন বে ।












