![]()
কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ বাঘমাৰীস্থিত ব্যক্তিগতখণ্ডৰ মিনি ইংলিছ এমই স্কুলত আজি শিশু সকলৰ বাবে থকা ‘এছআইপি এবেকাছ’ নামৰ প্ৰতিষ্ঠানৰ উদ্যোগত কণ কণ শিশু সকলক কৌশল বিকাশৰ প্ৰশিক্ষণ দিয়া হয় ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এছআইপি এবেকাছ কেন্দ্ৰৰ প্ৰধান মামনি বসুমতাৰীয়ে কয়যে, এছআইপি এবেকাছ নামৰ প্ৰতিষ্ঠানটিয়ে বিগত ৫বছৰ ধৰি ডিফু কাছা খেল পথাৰ বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা তেওঁলোকৰ টীমৰ কাৰ্যকলাপ চলাই আহিছে যদিও বহুতে এই বিষয়ে জ্ঞাত নহয় ৷
বিগত দুটা বছৰে কৰোণাৰ বাবে এবেকাছৰ কাৰ্যকলাপ কিছু স্তব্ধ হৈ পৰিছিল যদিও পুণৰ ই সক্ৰিয় হৈ পৰিছে ৷ সেই একে উদ্দেশ্য আগত ৰাখি ডিফুৰ মিনি ইংলিছ এমই স্কুলত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে শিশু সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিতকৰিছে ৷
মামনি বসুমতাৰীয়ে ইয়াকো কয়যে, এছআইপি এবেকাছে শিশু সকলৰ বিভিন্ন দিশত কৌশল বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ দৃশ্যকৰণ আয়ত্ত, শক্তিশালী স্মৃতি আৰু শ্ৰৱণ শক্তি আদি কৌশল আয়ত্তৰ ওপৰত প্ৰশিক্ষিত কৰা হয় বুলি কয় ৷
বিশেশকৈ গণিতৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় বুলি মন্তব্য কৰি ‘এবেকাছ’ৰ দ্বাৰা প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীয়ে নিমিষতে গণিতৰবিভিন্ন কঠিন প্ৰশ্নৰ সমিধান সাংবাদিকৰ আগত দি সকলোকে আশ্চৰ্য কৰি তোলে ৷ আনহাতে মিনি ইংলিছ এমই স্কুলৰ সঞ্চালক প্ৰধান অনন্ত সিনহাই ‘এছআইপি এবেকাছ’ৰ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে ৷













