![]()
আজি বিয়লি ঢকুৱাখানা-ঘূণাসুঁতি গড়কাপ্টানি পথৰ সৰলা পথাৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ঢকুৱাখানাৰ পৰা মাজুলী অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এ এছ ০১ এফ বি ৫১৬২ নম্বৰৰ ছুইফট বাহনখনে খুন্দা মাৰি বহু দূৰ চোচৰাই নিয়ে এজন বাইক আৰোহী বিজু কুমাৰ দেউৰীক।
পৰৱৰ্তী সময়ত ঢকুৱাখানা আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহত বাইক আৰোহী গৰাকীক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ যো-জা কৰোতেই মৃত্যু হয়। আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ছুইফট বাহনখনৰ লগতে বাইকখন ঢকুৱাখানা আৰক্ষীয়ে উদ্ধাৰ কৰি সদৰ থানালৈ লৈ আহে।













