![]()
অসমৰ অন্যান্য জিলাৰ লগতে কাৰ্বি আংলং জিলাতো অহা ১৪ মে’ৰ দিনা ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।এই ৰাষ্ট্ৰীয় লোক আদালত কাৰ্বি আংলং জিলা তথা সত্ৰ ন্যায়াধীশৰ আদালত প্ৰাঙ্গন। কাৰ্বি আংলং মুখ্য ন্যায়িক দন্ডাধীশৰ অধীনৰ ডিফু তথা বোকাজানৰ সমূহ আদালত তথা কাৰ্য্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব।
বি.এছ.এন.এল, এ.পি.ডি.চি.এল আৰু বেংকসমূহৰ আনাদয় ঋণ তথা বিদ্যুৎ, দুৰভাষ সেৱাৰ বিল সম্পৰ্কীয় ওজৰ আপত্তি সমূহৰ লগতে বিভিন্ন আপোচ যোগ্য ফৌজদাৰী গোচৰ, বিবাহজনীত গোচৰ,যান বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ ইয়াতে নিষ্পত্তিকৰণৰ ব্যৱস্থা লোৱা হ’ব বুলি কাৰ্বি আংলং জিলাৰ আইনসেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আব্দুল হাকিম আৰু সচিব বিজয়া খাকলাৰীয়ে জনাইছে আৰু অংশ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে।
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব বিজয়া খাকলাৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সবিশেষ জানিবলৈ দি কয়যে, এই সন্দৰ্ভত কাৰ্বি আংলং জিলা আইনসেৱা প্ৰাধিকৰণৰ ফ্ৰন্ট অফিচ সমন্বয়কৰ দুৰভাষ নম্বৰ ৬৯০১২৮১৬৩৬ ত যোগাযগ কৰিব পাৰিব বুলি আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা জানিবলৈ দিছে













