![]()
সমগ্ৰ বিশ্বজুৰি ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ২০২ সংখ্যক আন্তৰ্জাতিক নাৰ্ছ দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে কেক কাটি উদযাপন কৰা হয় ৷ এই উপলক্ষে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ লেবালেবাৰ ৰুমৰ পথছোৱা ৰং-বিৰঙী বেলুনেৰে সজাই পৰাই তোলা পৰিলক্ষিত হয় ৷
এই উপলক্ষে আয়োজন কৰা এক সভাত চিকিৎসা মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক আৰু অধ্যক্ষ লগতে শিশুবিভাগৰ মুৰব্বী অধ্যাপক ডাঃ লোকজিৎ বড়ো, অধীক্ষক আৰু এফএছএম বিভাগৰ মূৰব্বী অধ্যাপক শুভ্ৰজিৎ ডেকা, ষ্টাফ সভাপতি আৰু শৈল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক দেৱব্ৰত সিনহা, ডাঃ কৰুণা কান্ত দাস, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ডাঃ জয়ন্ত বৰগোঁহাই, শৈল্য চিকিৎসা বিভাগৰ সহকাৰী প্ৰৱক্তা ডাঃ ভূপেন বসুমতাৰী আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছ সকলৰ মেট্ৰণ নিলিমা ভেঙৰা উপস্থিত থাকি নাৰ্ছ সকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক আৰু সাৰুৱা ভাষণ প্ৰদান কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মেট্ৰণ নিলিমা ভেঙৰাই কয়যে নাৰ্চ সকলৰ অশেষ কষ্ট আৰু ত্যাগৰ বাবে ক’ভিডৰ দৰে মহা সংকটৰ পৰা ৰোগী সকলে কিছু হলেও সকাহ পাইছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত এখন প্ৰেৰাগৃহৰ লগতে নাৰ্ছ সকলৰ ড্ৰেছিং ৰুমৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় মেট্ৰণ নিলীমা ভেঙৰাই ৷













