
ঘৰৰ পৰা উদ্ধাৰ একে পৰিয়ালৰে চাৰি সদস্যৰ মৃতদেহ। চেন্নাইৰ এই ঘটনাত সৃষ্টি হৈছে ৰহস্যৰ। প্রাথমিকভাবে অনুমান কৰা হৈছিল, আত্মহত্যা কৰিছে চাৰিওজনেই। কিন্তু আৰক্ষীৰ তদন্তত ওলাই পৰে সত্য ঘটনা। কাঠফলা মেচিনেৰে দুই সন্তান আৰু পত্নীক নৃশংসভাবে হত্যা কৰিছে পৰিয়ালটোৰ মুৰব্বীজনে। তাৰ পিছত নিজেও আত্মঘাতী হয়।
চেন্নাইৰ পোঝিচালু এলেকাৰ বাসিন্দা প্রকাশ (৪১) আৰু গায়েত্রী। দম্পতিহালৰ দুই সন্তান। এজনৰ বয়স ১৩, আনজনৰ ৯ বছৰ। আৰক্ষী সূত্র মতে, শনিবাৰে পুৱাৰে পৰা তেওঁলোকৰ পৰিয়ালৰ কাৰোৰে সন্ধান নাপাই ঘৰলৈ যায় প্রতিবেশীসকল। তাত গৈ দেখে, ঘৰত তেজৰ নদী। তাতে পৰি আছে চাৰিটা মৃতদেহ। লগে লগে স্থানীয় থানাত ফোন কৰে।
তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। মৃতদেহকেইটা পঠোৱা হয় পোষ্টমৰ্টেমৰ বাবে। প্রাথমিক তদন্তত আৰক্ষীৰ অনুমান, ব্যৱসায়ত বিস্তৰ লোকচান হৈছিল প্রকাশৰ। বজাৰত প্রচুৰ ধাৰ। আৰু সেয়ে চৰম পথ বাছি লয় তেওঁ। আৰক্ষীৰ দাবী, গায়েত্রী আৰু দুই সন্তানক কাঠফলা বৈদ্যুতিন মেচিনেৰে হত্যা কৰে প্রকাশে। তাৰ পিছত আত্মঘাতী হয় নিজে।













