ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ কেন্দ্ৰীয় চৰকাৰে বিপিচিএল আৰু এনআৰএলক ব্যক্তিগত পুঁজিপতি গোষ্ঠীলৈলৈ হস্তান্তৰ কৰা সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবীত মঙ্গলবাৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই নুমলীগড় শোধনাগাৰৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷
সংগঠনটোৱে ছয়বছৰীয়া অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰক কোনো কাৰণতে ব্যক্তিগতকৰণ মানি লোৱা নহ’ব বুলি সকীয়াই দিয়ে৷
গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ এই বিক্ষোভ কায্যসূচীত সংগঠনটোৰ ডেৰ শতাধিক ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে৷ সংগঠনটোৱে কাৰ্যসূচীৰ অন্তত ব্যক্তিগতকৰণ কৰা সিদ্ধান্ত বাতিল কৰাৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷ এই সিদ্ধান্ত বাতিল নকৰিলে সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰে৷













